গোৱালপাৰাত পথ দুৰ্ঘটনাত আহত ভেল্লাৰ ৫ যুৱক

 05/16/2019 - 14:20

গোৱালপাৰাঃ গোৱালপাৰাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। কথমপি প্ৰাণৰক্ষা পৰিছে ভেল্লাৰ ৫ জন যুৱকৰ।

যুৱক কেইজন ক্ৰমে বৰপেটা জিলাৰ ভেল্লাৰ অন্তৰ্গত খন্দকাৰপাৰা গাঁৱৰ নুৰ ইছলাম ওৰফে নুৰ মহম্মদ,হুছেইন আলী,চফিকুল হক, হাফিজুল ইছলাম আৰু চালক জিতু আলী।

দুৰ্ঘটনাগ্ৰস্ত যুৱক কেইজনক গোৱালপাৰা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰ্তমান তেওঁলোকক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।