অভিনেতা পৰাগ শৰ্মা আৰু নাই

 03/08/2019 - 14:58

গুৱাহাটীঃ থিয়েটাৰৰ জনপ্ৰিয় তথা পৰিচিত অভিনেতা পৰাগ শৰ্মাই জীৱন নাট সামৰি বৃহস্পতিবাৰে নিশা ২ বাজি ৮ মিনিটত চিৰবিদায় মাগে। অভিনয়ৰ মাধ্যমেৰে সকলোকে মোহিত কৰিবলৈ সক্ষম হোৱা পৰাগ শৰ্মাৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰিছে।

দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা শৰ্মাই নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে আইচিইউত শেষ নিশ্বাস ত্যাগ কৰে। বহুকেইখন থিয়েটাৰৰ সৈতে জড়িত হৈ বলিষ্ঠ অভিনয়ৰে অভিনয় জগতখনত সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছিল তেওঁ। নলবাৰীৰ গামাৰিমূৰী গাঁৱৰ পৰাগ শৰ্মা শেহতীয়াকৈ বৃন্দাবন থিয়েটাৰত অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ অকাল বিয়োগত ভ্ৰাম্যমান জগতৰ লগতে সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।