মেধাৰ ক্ষেত্রত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে: প্ৰমাণ কৰিলে শ্ৰমিক হিচাবে কৰ্মৰত যুৱকে

 05/16/2019 - 14:59

চামগুৰি: মেধাৰ ক্ষেত্রত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে লৰিমুখৰ হবিবুৰ ৰহমান নামৰ ছাত্ৰজনে৷ দৰিদ্ৰ পৰিয়ালক ভাত মুঠি যোগাৰ কৰাৰ বাবেই পৰীক্ষাৰ পিছৰ পৰাই কেৰেলাৰ প্লাইউড কোম্পানী এটাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে হবিবুৰ ৰহমান৷ অভাৱে কোঙা কৰা হবিবুৰ ৰহমান নগাঁও জিলাৰ লৰিমুখ নিবাসী আব্দুল ৰচিদ আৰু ফৰিদা খাতুনৰ পুত্ৰ৷ হবিবুৰে শিক্ষা আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে।

বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ লৰিমুখলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আনৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে কৃতী ছাত্ৰ হবিবুৰ ৰহমান। লৰিমুখ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্ব্বমুঠ ৪৮১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে। লক্ষণীয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত চূড়ান্ত অভাব অনাটনৰ মাজতে উন্নত ফলাফল প্ৰদৰ্শন কৰা হবিবুৰে দিন হাজিৰা কৰি নিজৰ অধ্যয়ন চলাই গৈছিল৷

ফলাফল ঘোষণাৰ সময়তো কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ উপাৰ্জন কৰা কেইটিমান টকাৰে যেনেতেনে পোহপাল দি আছে বৃদ্ধ পিতৃ মাতৃৰ লগতে পৰিয়ালটোক। লৰিমুখ জাতীয় বিদ্যালয়ত অধ্যয়নৰত হৈ থকা অৱস্থাত নিজৰ অধ্যয়ন তথা পৰিয়ালটোক চলাই নিবৰ বাবে বন্ধৰ দিনত দিন হাজিৰা কৰা হবিবুৰে অধ্যয়নৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা।

আনকি পঢ়া কাৰ্য চলাই যাবলৈ নাছিল নিজা কিতাপ পত্ৰ। বিদ্যালয় তথা আনৰ পৰা খুজি অনা কিতপ পত্ৰৰেই পঢ়িছিল হবিবুৰে। উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰগৰাকীক সহায় সহযোগিতা আগবঢ়াবলৈ সহৃদয়বান লোক তথা চৰকাৰলৈ আহ্বান জনাইছে লৰিমুখবাসী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।