শিৱসাগৰঃ শিৱসাগৰত ঠিকাদাৰৰ মহিমা। ঐতিহাসিক ধাইআলি-ধাইবাৰীলৈ নিৰ্মিত পথত দুৰ্নীতি। উদ্বোধন নৌহওঁতেই চিৰাল ফাঁট পকী পথত। বখলা-বখলে এৰাল ৮ কোটি ৭০ লাখ টকীয়া দলং সংলগ্ন পথ। জনসাধাৰণৰ এজাহাৰ দাখিলৰ পাছতো আৰক্ষীৰ ভূমিকা শূন্য। নাজিৰা পথ সংমণ্ডলৰ অন্তৰ্গত আখৈফুটীয়া-চৰগুৱা পথ নিৰ্মাণত ঠিকাদাৰ সমুজ্জল বৰুৱা আৰু নিৰ্মাণ প্ৰতিষ্ঠান SHASS ইঞ্জিনিয়াৰ্চে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ৷
উল্লেখ্য যে দীৰ্ঘ দিনীয়া দাবী প্ৰতিবাদৰ পাছত ৰাজ্য চৰকাৰে আখৈফুটীয়া-চৰগুৱা পথটো পকীকৰণৰ সিদ্ধান্ত লৈ নিৰ্মাণৰ ঠিকা গুৱাহাটীৰ SHASS ইঞ্জিনিয়াৰ্চ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানক আৱন্টন দিয়ে৷ কিন্তু আবন্টন লাভ কৰা ঠিকাদাৰ সমুজ্জল বৰুৱা আৰু পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা প্ৰতীম বৰুৱাই পথটোৰ সংলগ্ন ধাইআলি-ধাইবাৰী পথৰ দিচাং নৈৰ ওপৰত নিৰ্মিত পকী দলং আৰু দলং সংযুক্ত পকী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷
প্ৰায় ৮ কোটি ৭০ লাখ টকা ব্যয়েৰে নিৰ্মিত দলং আৰু সংযুক্ত পথৰ পকীকৰণত অবাধ দুৰ্নীতিৰ ফলত দলং আৰু সংলগ্ন পথৰ উদ্বোধন নৌহওঁতেই পথত চিৰাল ফাঁট মেলাৰ লগতে পথৰ পকী বখলা বখলে এৰি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত৷
ইফালে পথ নিৰ্মাণত ঠিকাদাৰ-অভিযন্তাৰ অবাধ অনিয়মৰ অভিযোগ উত্থাপন কৰা ৰাইজে ৮ মে'ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে ঠিকাদাৰ-অভিযন্তাৰ বিৰোদ্ধে ডিমৌ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ কিন্তু এজাহাৰ দাখিলৰ ৮ দিন অতিক্ৰম কৰাৰ পাছতো বৰ্তমানলৈকে ডিমৌ আৰক্ষীয়ে এজাহাৰকাৰীৰ মন্তব্য লিপিবদ্ধ কৰিবলৈ আহৰি নোপোৱাত ঠিকাদাৰৰ পকেটত আৰক্ষী সোমোৱাৰ অভিযোগ ৰাইজৰ।