নলবাৰীৰ কবি-নিবন্ধকাৰ পুলকেশ ৰায় বৰুৱালৈ 'শুভাকাংক্ষী''ৰ বিশেষ সন্মান

 05/16/2019 - 17:09

নলবাৰীঃ অসমীয়া জাতি, ভাষা, সংস্কৃতিৰ লগতে ঐক্যবদ্ধ সমাজ গঠনত দায়িত্ব সহকাৰে সমন্বয়ৰ বাৰ্তা সিঁচি তৰুণ প্ৰজন্মক নীতি-আদৰ্শৰ মাজেৰে ঐতিহ্য-প্ৰীতিৰ প্ৰতি আকৃষ্ট কৰি তোলা অসীম ত্যাগৰ বাবে 'মৌময় শব্দৰ মালিতাৰে অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান' শীৰ্ষক 'শুভাকাংক্ষী'ৰ এক অনুষ্ঠানত বিশেষ জনপ্ৰিয় লেখক হিচাপে কবি-নিবন্ধকাৰ নলবাৰীৰ পুলকেশ ৰায় বৰুৱালৈ গুৱাহাটীস্থ সাংস্কৃতিক প্ৰকল্প মাছখোৱাত যোৱা ১৪ মে'ৰ দিনাখন অনুষ্ঠানটোৱে এই বিশেষ সন্মান প্ৰদান কৰে এখনি ফুলাম গামোচা, জাপি আৰু মানপত্ৰেৰে।

সম্বৰ্ধনা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ হাতেৰে এই সন্মান যঁচা হয়। অসমৰ আগশাৰীৰ বাতৰি কাকত-আলোচনীত নিয়মীয়াকৈ কবিতা-প্ৰবন্ধ লিখি অহা বৰুৱাই যোৱা বাৰ বছৰে সাহিত্য-সংস্কৃতিমূলক মাহেকীয়া আলোচনী 'জোনাক'ৰ মুখ্য সম্পাদক হিচাপে অতি নিষ্ঠা সহকাৰে সম্পাদনা কৰি আহিছে।

কেইবাখনো গ্ৰন্থ সম্পাদনা কৰা, ভিন্ন অনুষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত হৈ দায়বদ্ধ সহকাৰে সামাজিক কৰ্মৰ নিদৰ্শন ডাঙি ধৰা ৰায় বৰুৱাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ বৰ্তমান অসম চৰকাৰৰ চেনীকুঠিস্থ পশুপালন আৰু পশু চিকিৎসা বিভাগত উপ পৰিদৰ্শকৰূপে কৰ্মৰত।

শ্ৰী ৰায় বৰুৱা নলবাৰী জিলাৰ বৰনৰ্দ্দী গাঁৱৰ ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জিতেন্দ্ৰ নাথ ডেকা আৰু সু-লেখিকা মামণি ডেকাৰ জ্যেষ্ঠ তথা একমাত্ৰ পুত্ৰ। শুভাকাংক্ষীয়ে প্ৰদান কৰা এই সন্মানত বৰনৰ্দ্দীবাসী ৰাইজে অতিশয় আনন্দ লাভ কৰিছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।