নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট

 11/05/2020 - 19:07


নগাঁওঃ অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ নগাঁৱত সৰৱ হৈ পৰিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী পক্ষক দাবী জনায়। আলু, পিয়াঁজ, শাক-পাচলিৰ আদিৰ লগতে পেট্ৰ'ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পিছতো যোগান বিভাগ নিৰ্লিপ্ত হৈ থকাৰ বাবে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.