ৰিক্সা চালকৰ পুত্ৰই উজলালে গোসাঁইগাঁও

 05/16/2019 - 18:21

শ্ৰীৰামপুৰ: দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় তাক প্ৰমাণিত কৰি দেখুৱালে গোসাইগাঁৱৰ এজন ছাত্ৰই। ৰিক্সা চালকৰ এইজন পুত্ৰই পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈগোসাইগাঁৱলৈ এক সুনাম কঢ়িয়াই আনিছে। থাকিবলৈ ঘৰ নথকা, বিদ্যুৎ দেখি নোপোৱা ছাত্ৰজনৰ কৃতকাৰ্যতাত উৎফুল্লিত গাঁৱৰ ৰাইজ। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় সেইয়া আকৌ প্ৰমাণিত হ'ল।

গোসাইগাঁও মহকুমাৰ ৰূপচী গাঁৱৰ নিবাসী তথা ৰিক্সা চালক বিশ্বনাথ ৰায় আৰু মাতৃ অৰ্চনা ৰায়ৰ জ্যেষ্ঠপুত্ৰ বিজয় ৰায় এইবেলি চিথিলা হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হয়। তেওঁ অসমীয়া বিষয়ত ৬৫, ইংৰাজীত ৮২, গণিতত ৯২, বিজ্ঞানত ৮২, সমাজ বিজ্ঞানত ৯০ আৰু সংস্কৃতত ৮৮ নম্বৰসহ মুঠ ৪৯৯ নম্বৰেৰে ৮৩ শতাংশ লাভ কৰে। আনৰ মাটিত পলিথিনৰ জুপুৰি সাজি কোনোমতে পৰিয়ালটো জীয়াই আছে। মেধাৱী ছাত্ৰ বিজয় ৰায়ে আনৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল। তেওঁ নিতৌ আঢ়ৈ ঘণ্টাকৈ পঢ়িছিল।

ৰাস্তাৰ কাষত আনৰ মাটিত জুপুৰি সাজি পাঁচটা বিষয়ত লেটাৰ পাই উত্তীৰ্ণ হোৱাত গাঁওবাসী তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উষ্ম আদৰণি জনায়। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা বিজয়ক লৈ আনন্দিত নহয় আৰ্থিক দৈন্যত  ভুগি থকা পিতৃ-মাতৃ। কিয়নো পুত্রক পুনৰ পঢ়ুৱাবলৈ অক্ষম পিতৃ-মাতৃ। চৰকাৰ আৰু সদাশয় ব্যক্তিৰ পৰা সাহায্য বিচাৰিছে পৰিয়ালটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।