দৰিদ্ৰতাক নেওচি তামুলপুৰৰ পাৰ্থ প্ৰতীমৰ জয়যাত্ৰা

 05/16/2019 - 18:35

তামুলপুৰঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰিকাটা ডন বস্কো হাইস্কুলৰ পৰা গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে বাহবাৰীৰ নিবাসী মেধাৱী ছাত্ৰ পাৰ্থ  প্ৰতীম চৌধাৰীয়ে। ছটা বিষয়ত লেটাৰসহ ৯৫% নম্বৰ সহ উত্তীৰ্ণ হয় পাৰ্থ । তেওঁ গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি ইংৰাজীত ৯৩,বিজ্ঞানত ৯৬,সমাজ বিজ্ঞানত ৯৭, উচ্চ গণিতত ৯৭ আৰু অসমীয়াত ৮৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

পাৰ্থ প্ৰতিমৰ দেউতাক ধিৰেন চৌধাৰীয়ে ইটো সিটো কৰি কোনোমতে নিজৰ ল’ৰাক পঢ়াই আছে। কষ্টৰ মাজতো হাৰ মনা নাছিল মেধাৱী ছাত্ৰ পাৰ্থই। তেওঁ অশেষ কষ্টৰে পঢ়া-শুনা কৰি আছিল। এতিয়া পাৰ্থ প্ৰতীমে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব বিচাৰে যদিও আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোৱে চিন্তিত হৈ পৰিছে পুত্ৰক কিদৰে উচ্চ শিক্ষা দিব।

পাৰ্থৰ মাতৃ মঞ্জুময়ী চৌধাৰীয়ে পুত্রৰ সাফল্যত সুখী হয় যদিও পুত্রৰ পৰৱৰ্তী শিক্ষাৰ বাবে কিছু সমস্যাৰ সম্মুখীন হোৱাৰ শংকাত ভুগিছে| বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকৰ শলাগ লয় পাৰ্থ প্ৰতীমে। কুমাৰীকাটা ডনবস্ক’ হাইস্কুলৰ পৰা এইবাৰ পাছ গৰাকীয়ে ডিষ্টিংচন নম্বৰ, ছয় গৰাকীয়ে ষ্টাৰ, একত্ৰিছ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।