নাজিৰাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

 05/16/2019 - 19:09

আমগুৰি: দীৰ্ঘদিন ধৰি নাজিৰাৰ লক্ষ্মীজান বিহুবৰ চাহ বাগিচাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ অৱশেষত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়৷ বিগত সময়ত চাহ বাগিচাখনত নাহৰফুটুকী বাঘটোৱে সন্ত্ৰাস চলাই কেইবাজনো শ্ৰমিকক আক্ৰমণ কৰি আহত কৰাৰ লগতে পোহনীয়া জীৱজন্তু ভক্ষণ কৰিছিল৷ এই সন্দৰ্ভত চাহ বাগিচাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত বুধবাৰে বনবিভাগে বাগিচাখনত স্থাপন কৰে এটা পিঞ্জৰা।

বৃহস্পতিবাৰে পুৱতি নিশা পিঞ্জৰাত আৱদ্ধ কৰি ৰখা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়৷ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো চাবলৈ আহি ভিৰ কৰে স্থানীয় লোকে। বন বিভাগে ইতিমধ্যে নাহৰফুটুকী বাঘটো নিৰাপদ স্থানত এৰি দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।