বিএছএনএল টাৱাৰত চোৰৰ ধাৰাবাহিক অভিযানঃ তলা ভাঙি লুটিলে ২৪টা বেটাৰী

 05/16/2019 - 19:59

গুৱাহাটীঃ বিএছএনএল টাৱাৰত চোৰৰ ধাৰাবাহিক অভিযান। তলা ভাঙি লুটিলে ২৪টা বেটাৰী।চোৰৰ টিঘিলঘিলনি কমা নাই উত্তৰ গুৱাহাটীত। মঠ মন্দিৰ নহয়,এইবাৰ চোৰৰ লক্ষ্য বিএছএনএল টাৱাৰ।ইটোৰ পাছত সিটো টাৱাৰত চোৰৰ হাতৰ পৰশ। উত্তৰ গুৱাহাটী জলাহৰ পাছত ৰজাদুৱাৰৰ টেলিফোন টাৱাৰৰ মূল্যৱান বেটাৰী চুৰি কৰিলে মৰসাহ চোৰে। ৰজাদুৱাৰৰ মধ্যমখণ্ড পাৰঘাটৰ সমীপৰ ৰাকুট গোস্বামীৰ ঘৰৰ চৌহদত থকা বিএছএনএলৰ টাৱাৰৰ নিয়ন্ত্ৰণ কক্ষৰ তলা ভাঙি নিশা চোৰৰ প্ৰবেশ।

দুৱাৰৰ তলা ভাঙি প্ৰবেশ কৰা চোৰে  উচ্চ ক্ষমতাৰ বেটাৰী পেনেলৰ ২৪টাকৈ বেটাৰী উঠাই নিলে। টাৱাৰৰ ছিগনেল ডাউন দেখি গুৱাহাটীৰ পৰা লৰি আহিল বিএছএনএল বিষয়া আৰু এই দৃশ্য প্ৰত্যক্ষ কৰি উত্তৰ গুৱাহাটী আৰক্ষী থানাত গোচৰ দিলে বিএছএনএল বিষয়াই। চোৰে পুৰণি বেটাৰী উঠাই হাত দিছিল নতুন বেটাৰী পেনেলত, কিন্তু নিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে কোঠাৰ ভিতৰত থকা মূল্যৱান এচি মেচিনত হাত নিদি পুৰণি ব্যৱহাৰ অনুপযোগী বেটাৰী নিয়াকলৈ ৰহস্যৰ উদ্ৰেক হৈছে বিএছএনএল কৰ্মচাৰীৰ মাজত।ঘৰৰ গৰাকী বাহিৰলৈ যোৱাৰ সুযোগ ললে নেকি চোৰে৷ এই চৰ্চাৰ মাজতে কৰ্মচাৰীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে।কিয়নো ঘৰৰ গৰাকী ৰাজ্যৰ বাহিৰলৈ যোৱাৰ পূৰ্বে গৰাকীৰ অনুপস্থিতিত বিএছএনএল কৰ্মীয়ে লগত নিছিল ঘৰৰ চাবি। চোৰৰ এই মৰসাহ কাণ্ডৰ অন্তৰালত গভীৰ ৰহস্যৰ  আবৰ্তত  সমগ্ৰ ঘটনা।আজি বিএছএনএল উপসংমণ্ডল বিষয়া আৰু ৰাভাই ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী থানাত এক গোচৰ ৰজু কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।