হালোৱাটিঙত বনকৰ্মীৰ বালি গাড়ীৰপৰা ধন সংগ্ৰহৰ অভিযোগ

 05/17/2019 - 12:22

আমগুৰি: ৰাজ্যৰ বন বিভাগৰ একাংশ বনকৰ্মীৰ সহজলভ্য ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে শিৱসাগৰ জিলাৰ হালোৱাটিং খণ্ড বন সংমণ্ডলৰ অধীনৰ এজন বনকৰ্মীৰ বিৰুদ্ধে বালিগাড়ীৰপৰা ধন সংগ্ৰহৰ অভিযোগ উঠাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা ১৪ মে'ৰ ৰাতি প্ৰায় ৯.২০ বজাত হালোৱাটিং খণ্ড বন সংমণ্ডলৰ বনকৰ্মী জালাল আলীয়ে নুমলীগড়ৰপৰা হালোৱাটিংলৈ অহা এখন বালিগাড়ীৰপৰা ১০ হাজাৰ দাবী কৰি সাত হাজাৰ টকা সংগ্ৰহ কৰে।

অভিযোগকাৰীয়ে জনোৱা মতে নুমলীগড়ৰপৰা হালোৱাটিঙলৈ অহা বালি গাড়ীখনক নিশা বন কাৰ্যালয়ৰ সমীপত কোনোলোকে টৰ্চমাৰি গাড়ী ৰখাবলৈ নিৰ্দেশ দিছিল। গাড়ী চালকে ভয় খাই গাড়ী নৰখাই হালোৱাটিং থানাৰ ওচৰত গাড়ীখন ৰখাই দিয়ে। অভিযোগ অনুসৰি সেই সময়তে বনকৰ্মীজনে গাড়ী ড্ৰাইভাৰক গাড়ী বন কাৰ্যালয়লৈ লৈ যায় আৰু ১০ হাজাৰ দাবী কৰে। অন্যথাই ড্ৰাইভাৰক জেললৈ পঠোৱাৰ হুংকাৰ দিয়াৰ লগতে গাড়ী জব্দ কৰাৰ ভাবুকি দিয়ে। ফলত জেললৈ যোৱাৰ ভয়ত ড্ৰাইভাৰজনে বনকৰ্মীজনক নগদ সাত হাজাৰ টকা দি গাড়ীখন লৈ আহে।

ঘটনাৰ পিছতে হালোৱাটিং বঙালী গাড়ী গাঁৱৰ পুনা গগৈ নামৰ ব্যক্তিজনে হালোৱাটিং বন বিষয়াক লিখিত অভিযোগ দাখিল কৰি বনকৰ্মীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।