জনীয়াত ৰমজান মাহ উপলক্ষে ১০০০ দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ

 05/17/2019 - 12:54

জনীয়াঃ বৰপেটা জিলাৰ জনীয়াত আজমল ফাউণ্ডেছনৰ পৰা ৰমজান মাহ উপলক্ষে দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰে। গোটেই অসমৰ লগত বৰপেটা জিলাৰ জনীয়া,চেঙা,বাঘবৰ,বৰপেটা এই চাৰিটা সমষ্টিত আজমল ফাউণ্ডেচনৰ মানুহ লগত থাকি বিতৰণ কৰে খাদ্য।

দৰিদ্ৰ পৰিয়ালৰ লোকসকলে উপস্থিত থাকি খাদ্য সামগ্ৰী গ্ৰহণ কৰি অতি আনন্দিত হৈছে। ৰাইজৰ মাজত বিতৰণ কৰা খাদ্য বস্তু সমূহ হৈছে ২৫ কেজি চাউল,৩ কেজি বুট,৩ কেজি ডাইল,৩ কেজি চেনি,২লিটাৰ মিঠাতেল আৰু ২ কেজি খেজুৰ বৰপেটা জিলাত দিয়া হয়।

আগৈলও অন্য জিলাত দিয়া হ’ব আৰু প্ৰত্যেক জিলা পৰিষদ ভিত্তিত খাদ্য বিতৰণ কৰা হ’ব বুলি জনায়। জনীয়া সমষ্টিৰ তৰফৰ পৰা ৰাইজে পূৰ্ণ ভাৱে সহযোগিতা কৰিছে আৰু দৰিদ্ৰ পৰিয়ালক খাদ্য বিতৰণ দিয়াৰ বাবে আজমল ফাউণ্ডেচনক ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।