সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী

 05/17/2019 - 13:26

গুৱাহাটী: বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী। ১৯৯৬ চনৰ আজিৰ দিনটোতেই দুৰ্বৃত্তই হত্যা কৰিছিল সাংবাদিকগৰাকীক। তেওঁৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছে। এই দিনটোতে তেওঁক ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰে।

সাংবাদিকগৰাকীৰ হত্যাৰ ২৩ বছৰ অতিক্ৰম কৰিলেও কিন্তু আজিলৈকে তেওঁ ন্যায় নাপালে। আজিলৈকে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল আৰক্ষী-প্ৰশাসন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।