বিজনীত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন

 05/17/2019 - 13:32

বিজনীঃ চিৰাং জিলাৰ বিজনী চহৰত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হয়৷ চিৰাং জিলা স্বাস্থ্য সেৱা সমিতি আৰু জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত বিজনী তৰুণ দত্ত অতিথিশালাত এই উপলক্ষে অনুষ্ঠিত দিৱসৰ সজাগতা সভাত পৌৰহিত্য কৰে বিজনী নগৰ সমিতিৰ সভাপতি ৰমাকান্ত বসুমতাৰীয়ে৷

চিৰাং জিলাৰ জিলা সহকাৰী বিষয়া ৰবীন বড়োয়ে উদ্দেশ্য কৰা সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দ্বিজেন্দ্ৰ ৰামছিয়াৰীয়ে ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সজাগতা সম্পৰ্কে আলোচনা আগবঢ়ায়৷

সভাত জিলা সদৰ কাজলগাঁও জ্যেষ্ঠ চিকিৎসা বিষয়া ৰঞ্জিত মৌপিয়া, বল্লামগুৰি স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া ডা° ৰাজু কুমাৰ দাসে ডেংগু ৰোগৰ লক্ষণ, ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰে৷ সভাত বিপিএফ নেতা প্ৰভাত বসুমতাৰীয়ে বিজনী নগৰৰ স্বচ্চতা ৰক্ষাত গুৰুত্ব প্ৰদান কৰি ভাষণ প্ৰদান কৰে৷ দিৱসৰ সজাগতা সভাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, নাৰ্চৰ লগতে আশাকৰ্মী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।