মৈৰাবাৰীত প্ৰধান শিক্ষকক প্ৰাণে মৰাৰ চেষ্টা পাঁচজনীয়া দুৰ্বৃত্তৰ

 11/20/2020 - 14:12

 


নিউজ ডেস্কঃ ৰাজ্যত যেন জংঘলৰাজ চলিছে৷ পুনৰ চৰ অঞ্চলৰ গোণ্ডাগিৰীৰ এক ভয়ানক কাণ্ডই জোকাৰি গৈছে মৈৰাবাৰী আৰু দাঁতিকাষৰীয়া এলেকা। মতাব্বৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই কাল হ’ল বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত মোৱামাৰী মোক্তাব বিদ্যালয় প্ৰধান শিক্ষকক শ্বহিদুল ইছলাম৷ পাঁচজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে প্ৰধান শিক্ষকগৰাকীক৷ আপুনি বিদ্যালয়ৰ কৰ্মৰত শিক্ষক নে? যদি শিক্ষক তেন্তে কৰ্মৰত কৰিবলৈ গৈ এবাৰ নহয়, এশবাৰ ভাবক৷

কিয়নো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ কাল হলমোৱামৰী মুক্তাব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বহিদুল ইছলাম৷ জানিব পৰা মতে মতাব্বৰৰ মতে বিদ্যালয় পৰিচালনা নকৰাৰ বাবে প্ৰধান শিক্ষক ইছলামক প্ৰাণে মৰাৰ ভুবুকি দিয়াৰ এক চাঞ্চল্যকৰ বাতৰি পূৰ্বেতেও সংবাদমাধ্যমতো পৰিৱেশন হৈছিল৷

প্ৰধান শিক্ষকজনে সংবাদ মাধ্যমৰ সহায় লৈ সমগ্ৰ ঘটনা ৰাজহুৱা প্ৰকাশ কৰাৰ পাছতে বৃহস্পতিবাৰে সন্ধিয়া প্ৰধান শিক্ষকজন নিজ শশুৰৰ ঘৰত বাইকেৰে গৈ থকা অৱস্থাত ৫ জনীয়া দুৰ্বৃত্তৰ দলে বাইকত আহি প্ৰধান শিক্ষকজনক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰে৷ সেই একে সময়তে এখন swift অহা দেখি দুৰ্বৃত্তৰ দলটি পলায়ন কৰে৷ সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজি থকা প্ৰধান শিক্ষক জনক স্থানীয় ৰাইজৰ সহযোগত মৈৰাবাৰী এফ আৰ ইউ অনা হৈছিল যদিও সংকটজনক অৱস্থাত থকাৰ বাবে চিকিৎসকে নগাঁও লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।