সমাজকৰ্মী চফি আলম খানে আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে মেধাৱী ছাত্ৰীক

 05/17/2019 - 14:02

ডিব্ৰুগড়: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষিত ফলাফলত ৫টা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৫১০ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জিলাখনৰ লগতে ৰহমৰীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দৰিদ্ৰ পৰিয়ালৰ কন্যা শিখামণি ডেকাৰ বাসগৃহত আজি ডিকমৰ বিশিষ্ট সমাজকৰ্মী তথা আমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চফি আলম খান উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সহায় আগবঢ়ায়।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া মৌজাৰ অন্তৰ্গত নিজৰহমৰীয়া গাঁৱৰ দৰিদ্ৰ সত্যৰঞ্জন ডেকা আৰু মনিকা ডেকাৰ কন্যা শিখামণিয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ শিখামণিৰ পিতৃয়ে দিন হাজিৰা কৰে৷ পিতৃয়ে উপাৰ্জন কৰা সামান্য টকাৰে ঘৰখন নচলে যদিও সেই টকাৰে কন্যাক পঢ়াইছিল সত্যৰঞ্জন ডেকাই৷ পিতৃ সত্যৰঞ্জন ডেকাই দিন হাজিৰা কৰি অতি কষ্টেৰে তিনিজনী কন্যাক ডাঙৰ মানুহ কৰোৱাৰ সপোন দেখি জীৱনৰ সংগ্ৰাম অব্যাহত ৰাখিছে৷

এইদৰে এটি দৰিদ্ৰ পৰিয়ালৰ পৰা মেধাৱী ছাত্ৰীগৰাকীয়ে সুফলাফল প্ৰদৰ্শনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে নৱ প্ৰজন্মৰ মাজতো এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱঋৰ্ষি চেতিয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই আৰু সাংগঠনিক সম্পাদক উদয়ন বৰুৱাই মেধাৱী ছাত্ৰী শিখামণিক অধ্যয়নৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।