মােডী চোৰ নে চকীদাৰঃ ৰাফেলৰ নথি চুৰিক লৈ বিস্ফোৰণ ৰাহুল গান্ধীৰ

 03/08/2019 - 17:52

ডিজিটেল ডেস্কঃ ৰাফেল যুদ্ধ বিমান ক্রয় চুক্তিক লৈ পুনৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীক থকাসৰকা কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ নথি-পত্ৰ চুৰিৰ ঘটনা উচ্চতম ন্যায়ালয়ত ফাদিল হােৱাৰ পাচত কংগ্ৰেছ সভাপতিগৰাকীয়ে এখন সংবাদমেলত এই চুৰিকাৰ্যৰ বাবে স্বয়ং প্রধানমন্ত্রীকে পােনপটীয়াকৈ জগৰীয়া কৰি তেওঁৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে।

মোডীয়ে মাত্ৰ এটা বাইপাছ ছাৰ্জাৰী কৰিবলগীয়া হৈছিল বুলিও কংগ্ৰেছ সভাপতিগৰাকীয়ে মন্তব্য কৰে। সেই ছাৰ্জাৰী সম্পন্ন কৰিয়েই তেওঁ ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ গােপনীয় নথি-পত্র চুৰ কৰি নােহােৱা কৰি পেলাইছিল। উল্লেখযােগ্য যে পূর্বে প্রধানমন্ত্রীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কৈছিল— “নিজকে দেশৰ চকীদাৰ বুলি দাবী কৰা প্ৰধানমন্ত্রী মােডী দুটা ব্যক্তিত্বৰ লােক নেকি? তেওঁ নিজকে একেলগে চোৰ আৰু চকীদাৰ বুলি গণ্য কৰে নেকি? এদিন তেওঁ চকীদাৰ হয়, আনদিনা তেওঁ হৈ পৰে চোৰ? ৰাহুল গান্ধীয়ে লগতে কয়, 'যদিহে নথি-পত্ৰ চুৰ হৈছে, তেন্তে সেয়া প্রকৃত নথিয়েই আছিল। কোনাে নকল বস্তুতাে চুৰি নহয়।

এই নথিত প্রতিপন্ন হৈছে যে প্রধানমন্ত্রীয়ে সমান্তৰালভাৱে ৰাফেলক লৈ আলােচনা চলাই গৈছিল, ৰাফেল যুদ্ধ বিমানৰ মূল্য বৃদ্ধি কৰা হৈছিল আৰু জেট বিমানৰ আগমনত বিলম্ব ঘটিছিল। এই নথি সন্দৰ্ভত তদন্ত হােৱাৰ লগতে ৰাফেল চুক্তিক লৈ প্রধানমন্ত্ৰীৰ ভূমিকা সন্দৰ্ভতাে অনুসন্ধান হওক। ৰাহুল গান্ধীৰ লগতে অভিযােগ, উদ্যোগপতি অনিল আম্বানিক সুযােগ দিয়াৰ বাবেই ৰাফেল যুদ্ধ বিমান ক্রয়ত প্রধানমন্ত্রী মােডীৰ হস্তক্ষেপ ঘটিছিল।

ৰাফেল চুক্তি নথি চুৰি হােৱাৰ বা অন্তর্ধান হােৱাৰ সুৰতে ৰাহুল গান্ধীয়ে মােডীক আক্রমণ কৰি কয়— দুই কোটি কর্মসংস্থান অন্তর্ধান হৈ গ'ল, খেতিয়কৰ উচিত মূল্য অন্তর্ধান হৈ গ'ল, প্রত্যেকৰ বাবে পােন্ধৰ লাখকৈ টকাও অন্তর্ধান হৈ গ'ল। পাকিস্তানত কংগ্ৰেছ ‘প'ষ্টাৰ বয়’ বুলি প্রধানমন্ত্রীয়ে কৰা সমালােচনাৰ উত্তৰ দি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়— আমি নহয়, প্রধানমন্ত্রী মােডীহে পাকিস্তানত প’ষ্টাৰ বয়'। তেওঁ কয় যে মােডীয়েহে তদানীন্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফক ভাৰতলৈ আমন্ত্রণ জনাইছিল আৰু পাঠানকোট আক্রমণৰ তদন্ত কৰিবলৈ পাক চোৰাংচোৱা সংস্থা আই এছ আইক দায়িত্ব দিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।