মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভা ইউৰোপলৈ ৰাওনা

 05/17/2019 - 14:03

ডিজিটেল ডেস্কঃ প্ৰথমে মিষ্টাৰ ইণ্ডিয়া ২০১৭ খিতাপ তাৰ পিছত মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন কৰি WFF-WBBF য়ে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰি পুনৰ ইউৰোপলৈ ৰাওনা হ’ল অসম সন্তান গোলাপ ৰাভা।

ইউৰোপত অনুষ্ঠিত হ'বলগীয়া PRO and AM world cup,Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহণ কৰিব গোলাপ ৰাভাই।

১৭ মেৰ পৰা ২০ মেলৈ অনুষ্ঠিত হ'ব এই খেলকেইখন। ইউৰোপত অনুষ্ঠিত হোৱা খেলখনৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে কামৰূপৰ গোলাপ ৰাভা আৰু ডিব্ৰুগড়ৰ দিপাংকৰ শইকীয়া।

প্ৰতিযোগিতাত জয়ী হৈ যাতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিছাৰিছে গোলাপ ৰাভাই ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।