আজিলৈও সম্পূৰ্ণ নহ'ল লাওঁখোৱা-ভূৰবন্ধাৰ মথাউৰি মেৰামতিৰ কাম

 05/17/2019 - 14:33

চামগুৰি: চামগুৰিৰ লাওঁখোৱা-ভূৰবন্ধাকে ধৰি নগাঁও চহৰ পৰ্যন্ত ৰক্ষা কৱচ স্বৰূপ এটা মথাউৰি নতুনকৈ মেৰামতি কৰাৰ পিছতো ইয়াৰ জৰাজীৰ্ণ অৱস্থাই নিতৌ আগন্তুক বিপদক সোঁৱৰাই আহিছে চামগুৰিৰ ভূৰবন্ধাবাসীৰ লগতে কলিয়াবৰ সমষ্টিৰ বৰঘূলিৰ নৈপৰীয়া ৰাইজক। উল্লেখ্য যে বানবিধ্বস্ত এটা অঞ্চল হিচাপে চিহ্নিত চামগুৰিৰ লাওঁখোৱা, ভুৰবন্ধা, ভগামুখৰ লগতে কলিয়াবৰৰ বৰঘুলি পৰ্যন্ত বৃহত্তৰ অঞ্চলটো। বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজ সৰ্বস্বান্ত হৈ আহিছে লুইতৰ প্ৰৱল বান গৰাখহনীয়াৰ বাবে।

বিগত সময়তো চৰকাৰে এই বৃহত্তৰ অঞ্চলকেইটাৰ ৰাইজক বান গৰাখহনীয়া সমস্যা ৰোধৰ বাবে মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰতিশ্ৰুতি মতে চামগুৰিৰ ভুৰবন্ধাৰ পৰা চোলঙলৈকে জহি-খহি যোৱা মথাউৰি মেৰামতিৰ কাম সংশ্লিষ্ট বিভাগে নতুনকৈ আৰম্ভ কৰিলে ঠিকেই পিছে আজি পৰ্যন্ত মথাউৰি মেৰামতিৰ কাম আধৰুৱা হৈ ৰোৱাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰাৰ লগতে জানিব দিয়ে যে মথাউৰিটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাতো দূৰৰে কথা সঠিকভাৱে মেৰামতিৰ কামো নহ'ল।

মথাউৰিটোত এতিয়া ঠায়ে-ঠায়ে মেলিছে চিৰাল ফাট। যাৰবাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ ৰাইজৰ লগতে কাষৰীয়া চামগুৰি সমষ্টিৰ বৃহত্তৰ ভূৰবন্ধাৰ নৈপৰীয়া ৰাইজো হৈ পৰিছে ক্ষোভিত, প্ৰকাশ কৰিছে চৰম অসন্তুষ্টি। সমাগত ভৰ বাৰিষাত জৰাজীৰ্ণ মথাউৰিটো চিঙিব লাগিলে চামগুৰিৰ বৃহত্তৰ নৈপৰীয়া অঞ্চলৰ লগতে নগাঁও চহৰ পৰ্যন্ত সমগ্ৰ অঞ্চল অতি ভয়ানকভাবে জলমগ্ন তথা ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা কৰিছে ভূৰবন্ধা আৰু বৰঘূলিৰ নৈপৰীয়া ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।