11/22/2020 - 16:11
in

টীয়কঃ নেচনেল মেডিক'জ অৰ্গেনাইজেশ্যনৰ অসমে সেৱা ভাৰতীৰ সহযোগত ৰক্তদান শিৱিৰ সন্দৰ্ভত আজি টীয়কত এক সংবাদ মেল সম্বোধন কৰে। অহা ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস উপলক্ষ্যে সংগঠনটোৱে টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত বৰফুকনৰ সমাধিস্থলী লাচিত মৈডামৰ সমীপৰ নৰাহিলৈদাৰী প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰিছে লগতে ৰক্তদান মহান দান কথাষাৰ শিৰোগত কৰি সকলোকে ৰক্ত দান কৰিবলৈ আহ্বান জনাই নেচনেল মেডিক'জ অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ ডা° যদুনাথ বুঢ়াগোহাঁয়ে।