তৰাডুবিত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হাতীৰ

 05/17/2019 - 15:05

কামপুৰঃ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে এতিয়া বাৰে বাৰে ৰাজ্যত প্ৰাণ হেৰুৱাইছে নিৰীহ লোক কিম্বা বন্যপ্ৰাণীয়ে।

বিভাগটোৰ অকৰ্মণ্যতাৰ বাবেই আজি পশ্চিম কাৰ্বি আংলং জিলা আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল তৰাডুবিত খাদ্যৰ সন্ধান কৰি এটা হাতীৰ জাকে বনাঞ্চলৰ পৰা জনানঞ্চললৈ উলাই আহি পুনৰ পুৱতি নিশা বনাঞ্চললৈ যোৱাৰ পথত ১১ হাজাৰ ভল্টৰ বিদুৎ পৰিবাহী তাঁৰত লাগি পোৱালি থকা মাইকী হাতীজনীৰ মৃত্যু হয়।

উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰডাল মাটিৰ নিচেই তলত উলমি থকাৰ বাবেই বিদুৎপৃষ্ট হৈ মৃত্যু ঘটে হাতীটোৰ। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।