পৰাগ কুমাৰ দাসঃ "Justice Denied,২৩ বছৰে ন্যায় নাপালে পৰিয়ালে

 05/17/2019 - 15:34

জ্ঞানেন চক্ৰৱৰ্তীঃ পৰাগ কুমাৰ দাসৰ হত্যাৰ আজি ২৩বছৰ হ’ল৷ ২০০৯ চনৰ ২৮ জুলাইৰ দিনা পৰাগ দাস হত্যাৰ শেষ ৰায়টো দিছিল কামৰূপ জিলা সত্ৰ ন্যায়াধীশ দিলীপ মহন্তই৷

মূল অভিযুক্ত হত্যাকাৰীক ৰেহাই দিয়া হৈছিল। সমগ্ৰ কোৰ্ট কেম্পাছত কেৱল উচুপনিৰ শব্দ! কোৰ্ট কেম্পাছত বুবুমনি গোস্বামী,মই আৰু উদ্ধৱ তালুকদাৰে তিনিখন প্লেকাৰ্ড বুকুত আৰি থিয় হৈ ৰৈছিলো "Justice Denied, ন্যায় নাপালো"।

আমাক ঢকিয়াই সদম্ভে পাৰ হৈ গৈছিল হত্যাকাৰী!সি চিঞৰি চিঞৰি কৈ গৈছিল "ইহঁতকেইটা এতিয়াও জীয়াই আছে ?" হয়,আমৃত্যু ক’ম …পৰাগ কুমাৰ দাসক ভাৰত ৰাষ্ট্ৰই ন্যায় নিদিলে,ধিক্কাৰ দিছো ভাৰত ৰাষ্ট্ৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।