১৮ মেত উত্তৰ গুৱাহাটীত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

 05/17/2019 - 16:47

গুৱাহাটীঃ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনি অহা ১৮ মে ২০১৯ তাৰিখ শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ উদিত-লক্ষ্মী বিবাহ ভৱনত অনুষ্ঠিত কৰা হ’ব।

এই অধিবেশনত আলফা নেতা অৰবিন্দ ৰাজখোৱা,অনুপ চেতিয়া,জিতেন গগৈকে ধৰি অসমৰ শীৰ্ষ নেতৃত্বৰ উপৰিও সকলো জিলাৰ পৰা হাজাৰোধিক সদস্য উপস্থিত থাকিব।

প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লোহিত দেউৰীয়ে আজি এই কথা সংবাদ মাধ্যমক জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।