আই নদীৰে বিপদসংকুল যাত্ৰা বঙাইগাঁওবাসীৰ

 05/17/2019 - 17:08

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বৰঘোলা-কাহিবাৰী পাৰঘাটত দীৰ্ঘদিন ধৰি ৰাইজে বিপদসংকুল ভাৱে যন্ত্ৰচালিত নাৱেৰে পাৰাপাৰ হৈ আছে। মাজে মাজে নাওঁ ডুবি যোৱাত বহুলোক আহত হৈছে।

আনহাতে ২০১৩ চনত আই নদীৰ ওপৰত ৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া দলঙৰ কাম আৰম্ভ কৰি ২০১৬ চনতে প্ৰায় সম্পূৰ্ণ কৰে। কিন্ত দলংখনৰ পূৱফালে আই নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত যাতায়ত কৰিব নোৱাৰে ৰাইজে।

সেয়ে নিতৌ শ শ লোকে বিপদসংকুল ভাৱে যন্ত্ৰচালিত নাৱেৰে ইপাৰ সিপাৰ হ’বলগীয়া হৈছে। ৪০ কোটিটকীয়া দলঙখন ভালুকৰ সাঙীত পৰিণত হোৱাৰ লগতে পয়ালগা ৰাস্তাত নৰক যন্ত্ৰনা ভুগিব লগা হৈছে প্ৰায় তিনি লক্ষাধিক লোকে। সেয়ে দলঙৰ দুয়োপাৰ বান্ধিবলৈ চৰকাৰ,স্থানীয় বিধায়কক দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।