চিকিৎসক হোৱাৰ সপোন বাস্তৱ হ’বনে মুছটাকৰ

 05/17/2019 - 17:39

ওৰাংঃ বাস্তৱ জীৱনৰ এখন জীয়া ছবি। দাৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উৰুখা পঁজাত থাকি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হল ওৰাঙৰ অতি ভিতৰুৱা মাজৰচুৱা গাঁৱৰ মেধাৱী ছাত্ৰ মুছটাক আহমেদে।

দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰিলে ওৰাঙৰ এক ভিতৰুৱা অতি পিছপৰা মাজৰচুৱা গাঁৱৰ মুছটাক আহমেদে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৪ টা বিষয়ত লেটাৰ মাৰ্কসহ অংকৰ বিষয়ত ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰে মুছটাকে।

মুছটাকৰ দেউতাকে দিন হাজিৰা কৰি আগবঢ়াই নিছিল জীৱনৰ কঠোৰ সংগ্ৰামখন। আনৰ ঘৰত হাজিৰা কাম কৰি যি দুই এপইচা পায় আৰু সেই পইচাৰে সংসাৰ চলোৱাৰ লগতে মুছটাকৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল কিন্তু সেয়াও যথেষ্ট নাছিল যাৰ বাবে কোনো ধৰণৰ ঘৰুৱা টিউচন দিবলৈ অসহায় আছিল মুছটাকক।

আনকি নিজৰ শুৱাৰ বিচনা খনতেই চাকিৰ পোহৰত পঢ়িব লগা হৈছিল মুছটাকে। যাৰ শেষ পৰিণতি চাৰিটা বিষয়ত লেটাৰসহ মুঠ ৫০২ নম্বৰে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।ভৱিষ্যতে এগৰাকী ভাল চিকিৎসক হোৱাৰ মন মুছটাকৰ।কিন্তু মুছটাকৰ পৰিয়ালৰ সামৰ্থ নাই মুছটাকক পঢ়োৱাবলৈ । একমাত্ৰ অৰ্থৰ অভাৱৰ বাবে।সেয়েহে মুছটাকক এতিয়া লাগে ৰাইজৰ সহায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।