এনআৰচিত ভুৱা অভিযোগকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদী সমদল বিধায়ক আমিনুলৰ

 05/17/2019 - 18:27

পুৰণিগুদাম: চামগুৰিত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত এআইইউডিএফে আজি প্ৰতিবাদী সমদল উলিয়ায়। এনআৰচিত ভুৱা অভিযোগকাৰীক শাস্তি বিহাৰ দাবীত এই প্ৰতিবাদী সমদল উলিওৱা হয়। চামগুৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

আমিনুল ইছলামে অভিযোগ কৰা মতে বিদেশী সমস্যা সমাধান হ'লে আছুকে ধৰি কেইবাটাও জাতীয় সংগঠনে এনআৰচি সম্পূৰ্ণ হোৱাটো নিবিচাৰে কাৰণ এনআৰচি সম্পূৰ্ণ হ'লে সংগঠনসমূহৰ চান্দা ব্যৱসায় বন্ধ হ'ব। লগতে তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ বিজেপি দুয়োটাৰে লক্ষ্য ভোটবেংক গঠন কৰা।

কংগ্ৰেছ বিজেপি কোনেও বিদেশী সমস্যা সমাধান হোৱাতো নিবিচাৰে। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেই ৰকিবুলে এনআৰচি প্ৰস্তুত কৰি বিদেশী সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত তিনিটা সমষ্টিত এআইইউডিএফ জিকিব বুলি উল্লেখ কৰে বিধায়ক আমিনুল ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।