মই জীয়াই আছোঃ অডিঅ’ বার্তাৰে মাছুদ আজহাৰে ঘােষণা কৰিলে নিজ অস্তিত্ব

 03/08/2019 - 18:15

ডিজিটেল ডেস্কঃ জীৱিত আছে জইছ-ই-মহম্মদ মুৰব্বী তথা কুখ্যাত সন্ত্রাসবাদী মৌলানা মাছুদ আজহাৰ। নিজৰ মৃত্যুক লৈ চর্চিত সমস্ত জল্পনা-কল্পনাৰ অন্ত পেলাই এটা অডিঅ’ বার্তাৰে আজহাৰে ঘােষণা কৰিলে অস্তিত্ব। কাশ্মীৰৰ পুলৱামাত ভাৰতীয় নিৰাপত্তা বাহিনীৰ কনভয়ত চলােৱা ভয়ংকৰ আক্ৰমণৰ পিচত পাকিস্তানত থকা সন্ত্রাসবাদী নেতাজনৰ অস্তিত্বক লৈ বিভিন্ন জল্পনা-কল্পনা চলিছিল। কাৰােবাৰ মতে ভাৰতে বালাকোটত চলােৱা বিমান আক্ৰমণত আৰু আন কাৰােবাৰ মতে বৃক্কৰ সমস্যাত ভুগি চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হ’ল মাছুদ আজহাৰৰ। কিন্তু মৃত্যুক লৈ চলা সকলাে গুজবক মিছা প্রমাণ কৰি এক অডিঅ’ বার্তাত পূর্বৰ দৰেই হুংকাৰ দিলে জইছ নেতাজনে।

এই বার্তাত ভাৰতৰ সৈতে শান্তি আলােচনাৰ উদ্যোগ লােৱাৰ বাবে পাকিস্তান চৰকাৰক তীব্র সমালােচনা কৰে তেওঁ। মাছুদে কয় যে পাকিস্তানে ভাৰতৰ জটিল কূটনীতি বুজাত সমর্থ হােৱা নাই আৰু শান্তি আলােচনাত আগুৱালে ক্ষতি হ’ব পাকিস্তানৰে। ভাৰতে পাকিস্তানক সকলাে দিশৰ পৰা অকলশৰীয়া কৰিবলৈ ষড়যন্ত্র কৰা বুলিও দাবী কৰে তেওঁ। পাকিস্তানে সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে আৰু দেশখনত জইছ-ই-মহম্মদৰ অস্তিত্ব নাই বুলি পাক বিদেশ মন্ত্রী শ্বাহ মাহমুদ কুৰেশ্বিয়ে দাবী কৰাৰ পাচতে নিজৰ ডিজিটেল প্লেটফৰ্মত মাছুদ আজহাৰে অডিঅ’ প্রকাশ কৰে।

পুলৱামা আক্ৰমণৰ পৰা আৰম্ভ কৰি ভাৰত-পাক সম্পর্ক, ভাৰতৰ বিমান আক্রমণ সকলাে বিষয়তে মুখ খােলে সন্ত্রাসবাদী আজহাৰে। বার্তাৰ প্ৰথমতেই তেওঁ দাবী কৰে যে তেওঁৰ মৃত্যুক লৈ চর্চা হােৱা বাতৰিবােৰ ভুৱা। কেৱল আল্লাই সিদ্ধান্ত ল'ব কোন কিমান দিন জীয়াই থাকিব আৰু কেতিয়া মৃত্যু হ’ব। —আজহাৰে কয়। ইয়াৰ পাচতে ভাৰত-পাকিস্তানক শান্তিৰ আহ্বান জনােৱা নােবেল বিজয়ী মালালা ইউছুফজাইক লক্ষ্য কৰি লয় তেওঁ। উদাৰপন্থী মুছলমানসকলক ইছলামৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য দি আজহাৰে আল্লাকহে ভয় কৰিবলৈ পাক চৰকাৰক আহ্বান জনায়। তেওঁৰ মতে আন্তর্জাতিক চাপত পৰিয়েই পাক চৰকাৰে বৰ্তমানৰ দৰে আচৰণ কৰিছে। তেওঁ কয় ‘উদাৰপন্থীৰ কথা শুনি মাদ্ৰাছা, মছজিদ ভঙা অনুচিত। আন্তর্জাতিক মহলক নহয়, আল্লাক ভয় কৰিব লাগে। আল্লাইহে পাকিস্তানক আন্তর্জাতিক মহলৰ পৰা বচাই ৰাখিব। ধর্মীয় অনুষ্ঠানসমূহক লক্ষ্য কৰি লােৱা উদাৰপন্থীসকলক সাৱধানবাণীও শুনায় আজহাৰে। পাক বিদেশ মন্ত্রী কুৰেশ্বিয়ে জইছ-ই-মহম্মদ সন্দৰ্ভত দিয়া মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি তেওঁ হুংকাৰ দিয়ে যে এতিয়াৰ ৰূপতে জইছক মানি ল'বই লাগিব পাকিস্তানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।