নগাঁও: নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু খুটিকটিয়া ১৯ নং ৱাৰ্ডৰ অগ্ৰগামী আঞ্চলিক পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৌজন্যত খুটিকটিয়া প্ৰগ্ৰতি সমাজৰ ৰাজহুৱা সভাগৃহত আজি পুৱা ১১ বজাৰ পৰা দিন যোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়। উক্ত বিনামূলীয়া স্বাস্থ্য শিৱিৰটি শুভ উদ্বোধন কৰে ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে।
অঞ্চলৰ শতাধিক স্থানীয় বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা স্বাস্থ্য শিৱিৰটিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডা: কুমুদ বৰা আৰু ডা: জয়শ্ৰী পাঠক উপস্থিত থাকি প্ৰতিজন ব্যক্তিকে বিভিন্ন ৰোগৰ প্ৰতিকাৰৰ ওপৰত বিশদভাবে জনোৱাৰ লগতে তেওঁলোকক বিভিন্ন স্বাস্থ্যজনিত পৰীক্ষা নিৰীক্ষাৰ অন্তত যাৱতীয় বিনামূলীয়া ঔষধ আদিও যোগান ধৰা হয়।
স্বেচ্ছাসেৱী অগ্ৰগামী আঞ্চলিক পৰ্যায়ৰ সংস্থাটিৰ সভানেত্রী তথা ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামীৰ তত্বাৱধানত আয়োজিত স্বাস্থ্যপৰীক্ষা শিৱিৰটিত অনুষ্ঠানিৰ সম্পাদিকা চুমি বৰদলৈৰ লগতে সদস্যাসকলৰ উপৰি অধিবক্তা চিম্পী বৰা, অৰ্ধআইনী সহায়ক ক্ৰমে পাপুমনি বৰা, দ্বীপেন শইকীয়া উপস্থিত থাকে।
খুটিকটিয়া অঞ্চলত পোনপ্রথমবাৰৰ বাবে অনুষ্ঠিত স্বাস্থ্য শিৱিৰটিত উপস্থিত স্থানীয় লোকসকলে আজিৰ এই সুন্দৰ কাৰ্যক্ৰমৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ লগতে ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ শলাগ লয়।