কয়াকুছিত শ্বহীদ দিৱস উদযাপন: ৰাজ্যৰ বিশিষ্ট চাৰিগৰাকী ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা

 05/17/2019 - 19:47

বৰপেটা: বৰপেটা জিলাৰ বিশ্ববিখ্যাত বিদ্যা নগৰী আৰু ক্ষুদ্ৰ উদ্যোগৰ বাণিজ্য কেন্দ্ৰ হিচাপে পৰিচিত তথা অসমীয়া ভাষা সংস্কৃতি চৰ্চাৰ অন্যতম স্থান কয়াকুছিত আজি শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। শুক্ৰবাৰ দিনৰ দুইবজাৰ পৰা কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ কাৰ্যালয় প্ৰাঙ্গণত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ সহযোগত আয়োজিত সভাত পৌৰহিত্য কৰে সদৌ অসম অপ্ৰাদেশীকৃত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি আমিৰ হুছেইনে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয় সাহিত্য গোষ্ঠীৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদে। অনুষ্ঠানটোত সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক ৰৌমাৰীৰ ছফিকুল ইছলাম, কলগাছিয়াৰ সাংবাদিক খাৰবাল্লীৰ ছাহিদুল ইছলাম, বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ সমাজকৰ্মী আৰফান আলী আৰু বঙাইগাওঁ জিলাৰ কোকিলাৰ সাংবাদিক আজিজুল হকক ফুলাম গামোচা¸ কিতাপৰ টেপোলা আৰু সম্বৰ্ধনা পত্ৰৰে আনুষ্ঠানিকভাৱে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন জনোৱা হয়।

প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৰণ সভাত উপস্থিত থাকি সাংবাদিক ছফিকুল ইছলাম আৰু ছাহিদুল ইছলামে সাংবাদিকসকলৰ নিৰাপত্তা আৰু কৰণীয় সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় লগতে মুক্ত সাংবাদিক আৰফান আলীয়ে শ্বহীদ হোৱা সাংবাদিক পৰিয়াললৈ জনসংযোগ বিভাগৰ বিভিন্ন পদত চাকৰিত নিযুক্তি দিব লাগে বুলি চৰকাৰক দাবী জনায়। অনুষ্ঠানটো আৰম্ভণিৰ পূৰ্বে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী আমিৰ হুছেইনে আৰু স্মৃতি তৰ্পণ কৰে আমছুৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি তোতা মিঞাই।

অনুষ্ঠানটোত সমন্বয় সাহিত্যগোষ্ঠীৰ সভাপতি মহানন্দ সৰকাৰ দত্ত, ভেল্লাৰ সাংবাদিক চাইজুৰ ৰহমান, কলগাছিয়াৰ সাংবাদিক জাহিদুল ইছলাম, কয়াকুছিৰ সাংবাদিক আব্দুল জলিল, সাংবাদিক মনমুল হক, হাউলীৰ সাংবাদিক ৰফিকুল ইছলাম খান, মহিলা নেত্ৰী জহুৰা খাতুন, কৃষক নেতা মনিৰ উদ্দিন আহমেদকে আদি কৰি বহুতো গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।