"অসম কেতিয়াও ভাৰতৰ অংশ নহয় আৰু হ'বলৈ নিদিওঁ": প্ৰাণময় ৰাজগুৰু

 05/17/2019 - 20:01

গুৱাহাটী: শেহতীয়াভাৱে গুৱাহাটী মহনাগৰীত যি গ্ৰেণেড বিস্ফোৰণ হৈছিল তাৰ ওপৰত ভিত্তি কৰি অসম আৰক্ষীয়ে অতি ক্ষীপ্ৰ গতিত গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা আত্মসমৰ্পণকাৰী আলফা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছিল।

তাৰেই পৰিপ্ৰেক্ষিতত আজি প্ৰাণময় ৰাজগুৰুক আদালতলৈ নিয়াৰ সময়ত এক বিস্ফোৰক মন্তব্য আগবঢ়াই তেওঁ কয় যে, "অসম কেতিয়াও ভাৰতৰ অংশ নহয় আৰু হ'বলৈ নিদিওঁ। মই সংগ্ৰামৰ লগত জড়িত আৰু এই সংগ্ৰাম অব্যাহত থাকিব"।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।