বৰষুণৰ পানী এক সম্পদ,তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিব লাগেঃ পৰিবেশ সাংবাদিক কেয়া আচাৰ্য

 05/18/2019 - 12:08

গুৱাহাটীঃ সমগ্ৰ দেশতে খোৱা পানীৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা সময়ত বৰষুণৰ পানীৰ সংৰক্ষণ আৰু ব্যৱহাৰে এক বিশেষ গুৰুত্ব লাভ কৰিছে। বিশেষকৈ উত্তৰ-পূবৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্যসমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিব লাগে-এই মন্তব্য জ্যেষ্ঠ পৰিৱেশ সাংবাদিক কেয়া আচাৰ্যৰ।

বেংগালুৰৰ পৰা শনিবাৰে এক ভিডিও কণফাৰেন্স যোগে মহানগৰীৰ সাংবাদিক সকলক উদ্দেশ্যি দিয়া এক ভাষণত আচাৰ্যাই লগতে খোৱা পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা আৰু জনসাধাৰণৰ মাজত সজাগতা অত্যন্ত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে।এই প্ৰসংগতে আচাৰ্যই মহানগৰীৰ আৱাসিকসকলক বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে বুলি মতপোষণ কৰে।

ভূ-জলৰ অত্যধিক ব্যৱহাৰে ভাৰতবৰ্ষৰ প্ৰায় সকলো নগৰ-মহানগৰত খোৱা পানীৰ সমস্যাক জটিল কৰি তুলিছে। দেশত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত পৰিৱেশে কোনো গুৰুত্ব নাপায় বুলি আক্ষেপ কৰি আচাৰ্যই ৰাজনৈতিক দল সমূহৰ ইস্তাহাৰত আৰু নেতাসকলৰ ভাষণত পৰিৱেশে গুৰুত্ব নোপোৱা বুলিও উল্লেখ কৰে।

সংবাদ মাধ্যম সমূহেও পৰিৱেশ আৰু অনুসন্ধানমূলক বাতৰি আৰু লেখা প্ৰকাশৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰা দেখা যায়। বিগত এটা দশকত ভাৰতীয় সংবাদ মাধ্যমৰ সম্পাদক সকল লাহে লাহে অপ্ৰাসংগিক হৈ আহিছে যাৰ ফলত নতুন সাংবাদিক সকলক দিগদর্শন আৰু উৎসাহ দিয়াৰ ক্ষেত্ৰত এক শূন্যতাৰ সৃষ্টি হৈছে। তথাপিও নতুন প্ৰজন্মৰ সাংবাদিকে সংবাদক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ ন-ন চিন্তা চৰ্চা আৰু কাৰিকৰী দক্ষতাৰ সহায় ল’ব লাগিব বুলিও আচাৰ্যই দোহাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।