কামপুৰ জৰডুবা মিনা বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১

 12/03/2020 - 16:25

 

কামপুৰঃ কামপুৰত বালি ট্ৰাকৰ দৌৰাত্ম। বহু সময়ত সংবাদ শিৰুনামা দখল কৰি থকা কামপুৰ বৰপানী পথেৰে বালি সৰবৰাহৰ কৰা ট্ৰাকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। বন বিভাগৰ নাকৰ তলদিয়ে দৈনিক শ শ ট্ৰাকে বৰপানী নৈৰ পৰা অবৈধভাবে সংগ্ৰহ কৰে বালি। কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি কামপুৰ জৰডুবা মিনা বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

দ্ৰুত বেগী ট্ৰাকৰ খুন্দাত চিটিকি পৰিল চাইকেল আৰোহী। থিতাতে নিহত চাইকেল আৰোহী নলডুবাৰ হুছেইন আলি। দুৰ্ঘটনা সংঘটিত কৰি গাড়ী এৰি পলায়ন চালকৰ। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নং AS02BC-9364। সচেতন ৰাইজে এই ট্ৰাক সমুহক অতিশীঘ্ৰে নাকী লগাবলৈ দাবি উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.