ব্যতিক্ৰমী বিয়াৰে চমক সৃষ্টি আমগুৰিত

 05/18/2019 - 12:20

আমগুৰিঃ এখন সম্ভ্ৰান্ত বিয়াৰ বিপৰীতে ব্যতিক্ৰমী এখন বিয়া। সাম্প্ৰতিক সময়ত আধুনিকতাৰ ধামখুমীয়াত বিয়াই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ বহু লক্ষ ধন খৰচৰ বিপৰীতে আমগুৰিত চৰ্চা লাভ কৰিছে এখন বিশেষ বিয়াই।গ্ৰামাঞ্চলত হেৰাই যোৱা এই পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে নামতিৰ মিছাজান-ৰজাবাৰী গাঁওবাসীয়ে।

বহু দশক পূৰ্বে হেৰাই যোৱা চৈদিয়া গৰুগাড়ীত কইনা অনা পৰম্পৰাক পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে এজন দৰাই। আঢ্যৱন্ত পৰিয়ালৰ হৈও দৰাজনে কইনাক বাচি ল'লে চৈদিয়া গৰু গাড়ীত আনিবলৈ।হয়, নামতি ৰজাবাৰীৰ দৰা পৱিত্ৰ কলিতাই কইনা আনিলে দুই কিলোমিটাৰ দূৰত্বৰ মিছাজানৰ পৰা।

কোনো বিলাসী বাহনত দৰা সাজে নগৈ পৱিত্ৰই সুন্দৰকৈ সজাই তোলা চৈদিয়া গৰুগাড়ীতে গ'ল কইনাক আনিবলৈ। ঢোলে-দগৰে,দৰা ঘৰৰ হৈ সকলো যুৱকে নাচি-বাগি আনন্দত আত্মহাৰা হৈ কইনাক আনিলে। অঞ্চলটোত এইখন বিয়াই বিশেষভাৱে চৰ্চা লাভ কৰিছে। চৈদিয়া গৰু গাড়ীত কইনা অনাৰ মাদকতাই যেন সুকীয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।