শিক্ষামন্ত্ৰীক সাক্ষাৎ 'শিক্ষক মহাসংঘ সৰ্বশিক্ষা অসম গোট'ৰ

 05/18/2019 - 12:33

গুৱাহাটী: 'শিক্ষক মহাসংঘ সৰ্বশিক্ষা অসম গোট'ৰ এটা প্ৰতিনিধি দলে অসমৰ শিক্ষামন্ত্ৰী শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ডাঙৰীয়াক সচিবালয় চৌহদৰ নিজ বাসভৱনত সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীক প্ৰথমে এখন মান-পত্ৰ আৰু গামোচাৰে পলমকৈ হ'লেও অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিনিধি দলটোৱে।

ইয়াৰ পিছতে অসমৰ প্ৰাথমিক শিক্ষাত মাতৃভাষা শিক্ষা বিনামূলীয়া বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপসমূহৰ এটা গঠনমূলক যোগাত্মক আলোচনা হয়।

কোনো কাৰণতে যাতে সৰ্বশিক্ষাৰ প্ৰশিক্ষণ প্ৰাপ্ত যোগ্য শিক্ষক-শিক্ষয়ত্ৰীসকল বঞ্চিত নহয় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব বুলি প্ৰতিনিধি দলটোক প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

আছলতে সাধাৰণ টেট আৰু বিশেষ টেট এই দুয়োটা কথা চিন্তা কৰি কথা হৈছে যদিও দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ বাবে কিছু আলোচনা চলি আছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰীগৰাকীয়ে আগবঢ়ায় ।

শিক্ষক মহাসংঘৰ প্ৰতিনিধিৰ দলটোত উপস্থিত আছিল সভাপতি তপিৰাজ পামে, সম্পাদক বলিন ডেকা, সদস্য মিনাক্ষী গগৈ আৰু দিপালী দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।