ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি: আন্দোলনৰ হুংকাৰ আমছুৰ

 05/18/2019 - 13:58

খাৰুপেটীয়া: মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু তত্বাৱধানত চলি থকা এনআৰচি প্ৰস্তুতকৰণৰ দাবী আৰু আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াত প্ৰকৃত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰাৰ উপৰি এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ মানুহৰ নাম বাদ দিয়াৰ ষড়যন্ত্র চলি থকা বুলি অভিযোগ উত্থাপিত কৰিছে আমছুৱে।

আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসৰ স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা হয় যে ৰাজ্যখনত থকা ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ বিৰুদ্ধে একাংশ ঠিকনাবিহীন লোকে যধে মধে প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আপত্তি দৰ্শাইছিল। সেই আপত্তিকাৰীৰ নাম আৰু ঠিকনাসমূহ ভুক্তভোগীক দিয়াৰ দাবী জনাইছিল আমছুৱে। আপত্তিকাৰীৰ নাম আৰু ঠিকানা ভুক্তভোগীক প্ৰদান কৰা হ'ব কাৰণ এয়া আইনগত প্ৰক্ৰিয়া।

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এইবুলি মৌখিকভাৱে প্ৰতিশ্ৰুতি দিয়ে আমছুক। কিন্তু চলিত মাহৰ ১১ তাৰিখে চিঠিযোগে ৰাজ্যিক সমন্বয়কে আপত্তিকাৰীৰ নাম আৰু ঠিকনা প্ৰদান নকৰিবলৈ নিৰ্দেশনা দিয়ে। ইয়াৰ প্ৰতিবাদত আমছুৱে যোৱা ১৩ তাৰিখে অসমৰ সমগ্র জিলা সদৰ ঠাইসমূহত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ কানষাৰ নিদিয়াত ২১ তাৰিখ মঙলবাৰে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উক্ত আন্দোলনৰ জৰিয়তে বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উপৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাৰ বাবে যো-জা চলাইছে আমছুৱে। ইয়াৰ পিছতো যদি এনআৰচিৰ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰে তেন্তে গোটেই অসমজুৰি ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।