ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নিজ ডবকা গাঁৱত এজন যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগত যোৱা নিশা ডবকা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷
ধৃত লোককেইজন হ'ল মুজিবুৰ ৰহমান, লুৎফুৰ ৰহমান, জিয়াউৰ ৰহমান, চাদ্দাম হুছেইন, হাবিজুৰ ৰহমান আৰু ফকৰউদ্দিন৷ প্ৰাপ্ত তথ্য অনুসৰি ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নিজ ডবকা গাঁৱত যোৱা ৩০ এপ্ৰিলৰ দিনা ভূমি বিবাদক কেন্দ্ৰ কৰি শ্বহীদ আফ্ৰিদি বৰভূঞা নামৰ যুৱক এজনক মুজিবুৰ ৰহমান, লুৎফুৰ ৰহমান, জিয়াউৰ ৰহমান, চাদ্দাম হুছেইন, হাবিজুৰ ৰহমান আৰু ফকৰউদ্দিনে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল৷
আহত শ্বাহিদক প্ৰথমে ডবকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে প্ৰথমে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আৰু পাছত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়৷ চি
কিৎসাধীন অৱস্থাত যোৱা ৭ মে'ত যুৱকজনে অকাল মৃত্যুক সাৱটি লয়৷এই সংক্ৰান্তত ডবকা আৰক্ষীয়ে ১১৭/১৯ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল৷ কালি এক গোপন সূত্ৰৰ পম খেদি আটাইকেজন অভিযুক্তক ডবকাৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷