গুৱাহাটী: লাখ লাখ দেশী বিদেশী ভক্তগণৰ মিলনস্থলী অম্বুবাচী মেলা অনুষ্ঠিত হ'ব অহা ২২ জুনত। গুৱাহাটীৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰত অনুষ্ঠিত হ'ব লগা এই মেলাৰ সামৰণি পৰিব ২৬ জুনত। ২২ জুনৰ মাজনিশা হ'ব অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ পুৱা হ'ব নিবৃত্তি।
শুকুৰবাৰে মহানগৰীত অম্বুবাচী মেলা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামৰুপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে অম্বুবাচী মেলাত সমাগম হ'বলগীয়া ভক্তগণৰ সুৰক্ষাৰ লগতে আন আন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰে। এই বেঠকত মেলা উপলক্ষে স্হাপন হ'বলগীয়া শিবিৰ, যাত্রী পৰিবহণ ব্যৱস্থা, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
খোৱাপানী আৰু বিদ্যুৎ যোগানৰ ক্ষেত্রতো যাতে এই সময়ছোৱাত কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হয়।এইবাৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট ২.৫ কোটি ধাৰ্য কৰা হৈছে বুলি জানিব পৰা গৈছে।