নগাঁও জিলাৰ ৰহা সমষ্টিৰ গাবুখুন্দাৰ কপিলী পাৰত অৱস্থিত ৰাজহুৱা মঞ্চত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

 12/07/2020 - 13:25


কামপুৰঃ দেওবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ গাবুখুন্দাৰ কপিলী পাৰত অৱস্থিত ৰাজহুৱা মঞ্চত গাৰুখুন্দা বকুলগুৰি আৰু চাংখোলা মণ্ডল কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত তিনিবাৰৰ মুখ্যমন্ত্ৰীৰ তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিনযোৰা কাৰ্যসূচী আয়োজন কৰা হয়।

দিনযোৰ কাৰ্যসূচী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি, নামকীৰ্তন আৰু সন্ধ্যা ভাগলৈ ঘমুনামুখ কপিলী দলংত বন্তি প্ৰজ্বলন কৰে। উল্লেখ যে প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে কপিলী নদীৰ ওপৰত দলংখন নিৰ্মাণৰ কৰি কপিলীপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিছিল। যাৰ বাবে ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জনৰ স্মৃতি ৰোমন্তন কৰি দলংখনত সন্ধ্যা ভাগলৈ বন্তি প্ৰজ্বলন কৰে।       

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।