05/18/2019 - 15:22
in
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু এজন লোকক আটক। মহানগৰ আৰক্ষীয়ে সুন্দৰপুৰৰ পৰা আটক কৰে চিন্ময় লস্কৰ নামৰ এজন লোকক।
বিস্ফোৰণৰ মূল অভিযুক্ত জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে লোকজনক।
আৰক্ষীয়ে আটক কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত চিন্ময় লস্কৰে কয় মই নিৰ্দোষী।মোক সোধা–পোছাৰ বাবে লৈ আহিছে আৰক্ষীয়ে।গ্ৰেনেড বিস্ফোৰণৰ সময়ত ঘটনাস্থলীত উপস্থিত আছিল চিন্ময়।
চিন্ময়ক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।