মৰিয়নীত কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

 12/11/2020 - 17:27


মৰিয়নীঃ অসাংবিধানিক আৰু অসম চুক্তি বিৰোধী নাগৰিকত্ব সংশোধনী আইন বিজেপি চৰকাৰে ১১ ডিচেম্বৰ তথা আজিৰ দিনটোতে এবছৰ গৃহীত কৰিত কৰিছিল। সমগ্ৰ দেশৰ লগতে অসমতো প্ৰবল চৰকাৰ বিৰোধী প্ৰতিবাদ ব্যাপক হাৰত বৃদ্ধি হৈছিল।

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ কৰা পাঁচজন তেজাল অসমী আইৰ সন্তানক হেৰুৱাবলগীয়া হৈছিল। সেই শ্বহীদ সকলক সোঁৱৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নীৰ NSUI আৰু মৰিয়নীৰ যুৱ কংগ্ৰেছে আজি মৰিয়নীৰ নগৰৰ থানা তিনিআলিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।