উত্তৰ গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে বাৰ্ষিক বাথৌ পূজা

 05/18/2019 - 15:30

গুৱাহাটী: বাথৌ পূজা বড়ো জনগোষ্ঠীৰ লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ৷ আন আন বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটীৰ কটাহবজাৰ গাঁৱত উলহ-মালহেৰে দুদিনীয়াকৈ আজিৰে পৰা বাৰ্ষিক বাথৌ পুজা আৰম্ভ হৈছে৷ হিন্দুসকলে যিদৰে ভগবান শিৱক আৰাধনা কৰে ঠিক একেদৰেই বড়োসকলেও বাথৌ পূজাত শিৱক আৰাধনা কৰে কিন্তু আৰাধনাৰ পদ্ধতিহে পৃথক৷ প্ৰবাদ অনুযায়ী বাথৌ পূজা শিৱ-পাৰ্বতীৰ বিবাহৰ আনন্দ উৎসৱ৷ আজি পুৱা ধৰ্মীয় পৰম্পৰা অনুযায়ী বাথৌ বেদীত শান্তি পানী ছতিওৱাৰ পাছত পূজা ভাগ আৰম্ভ কৰা হয় কটাহবজাৰ ৰাজহুৱা নামঘৰত৷

পৰম্পৰা অনুসৰি বড়ো দেউৰী প্ৰমোদ বড়োৰ গৃহত গাঁৱৰ বয়োজ্যেষ্ঠ আইসকলে কলা, বগা আৰু ৰঙা ৰঙৰ সূতাৰে শিৱ-পাৰ্বতীৰ পুতলাসদৃশ আকৃতি প্ৰস্তুত কৰি গায়ন বায়নৰ মাজেৰে বেদিত আনি প্ৰতিষ্ঠা কৰা হয়। পূজাত ভক্তসকলে পুৱাৰে পৰা প্ৰসাদ বিভিন্ন পৰম্পৰাগত দ্ৰব্য, ধূপচাকি নৈবেদ্য আগবঢ়ায়। প্ৰাচীন পৰম্পৰা হিচাপে ই প্ৰচলিত হৈ আহিছে৷ ইয়াৰ উপৰি খেৰাই নৃত্য, বড়ো গীত মাতেৰে সমগ্ৰ গাঁৱত আনন্দময় পৰিৱেশে বিৰাজ কৰিছে৷ গাঁৱৰ বৃদ্ধ-বৃদ্ধা, শিশু সকলোৱে সমৱেত হৈ বাথৌ দেৱতাৰ আশীষ ল'ব৷

বাথৌ পুজা ভাগত প্ৰতি বছৰে উত্তৰ গুৱাহাটীৰ সকলো সম্প্ৰদায়ৰ লোকে অংশ লোৱাৰ লগতে সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে। আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ১৯ মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰে মহাবাহু ব্ৰহ্মপুত্ৰত ভেল সাজি বাথৌ দেৱতাৰ বাবে উৎসৰ্গিত দ্ৰব্যবোৰ বিসৰ্জন দিয়া হ'ব।

১৮ আৰু ১৯ মে'ত ইটাখুলীৰ থানৰ পৰা আৰম্ভ হ'বলগীয়া দুদিনীয়া ধৰ্মীয় উৎসৱত আয়োজক সমিতিৰ সভাপতি কুলেন বড়ো, সম্পাদকদ্বয় ধৰ্মেন্দ্ৰ বড়ো আৰু বিপুল বড়োৱে ধৰ্মপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।