বটদ্ৰৱা: নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ সংখ্যালঘু বসতি প্ৰধান গ্ৰামাঞ্চলৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ণৰ প্ৰতি অধিক আগ্ৰহী আৰু উৎসাহী কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ছৈয়দ আহমেদ, সাংস্কৃতিক সম্পাদক নাচিৰ উদ্দিন আৰু সুতিৰপাৰ আঞ্চলিকৰ উপ-সভাপতি মেহেবুব হুছেইনৰ নেতৃৰ্ত্বত এটি সঁজাতি দলে নগাঁও জিলাৰ ফুৰহানিআটি, সুতিৰপাৰ, চিতলমাৰী, বৰালীমাৰী, কান্দলীমাৰী আদি গ্ৰামাঞ্চলৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ মাৰ্ক আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্থানীয় অঞ্চল তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ১৫ জন মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে-ঘৰে গৈ শুভেচ্ছা জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচা, কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷
কৃৰ্তিমানসকলক এনেদৰে সম্বৰ্ধনা আৰু শুভেচ্ছা জনাই আমছু নেতা ছৈয়দ আহমেদে সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত কয় যে "গ্ৰাম্য সমাজ ব্যৱস্থাৰ উন্নয়ণৰ ক্ষেত্ৰত মহিলাসকলে বিশেষ অৱদান যোগাই আহিছে৷ গতিকে গ্ৰামাঞ্চলৰ সমাজ ব্যৱস্থাৰ পৰিবৰ্তন সাধিবলৈ হ’লে মহিলাসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব৷
ইয়াৰ বাবে আমি সকলোৱে নাৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা আৰু কঠিন পৰিশ্ৰমৰ মাজেৰে অধ্যয়ণত ব্ৰতী হ’লে সঠিক লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷