05/18/2019 - 16:31
in
বিলাসীপাৰা: চাপৰৰ ধীৰঘাটত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাছ আৰু মাৰুতি জেনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। থিতাতে নিহত হৈছে এল্টখনৰ চালক এৰসাদ আহমেদ। পুৰুষ-মহিলাসহ আহত হৈছে আন ৮ জন লোক।
দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতকেইজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS-17B-8557, আৰু জেনখনৰ নং AS-01AB-1075।
আহত লোককেইজন গোৱালপাৰাৰ ভাটিপাৰাৰ বুলি জানিব পৰা গৈছে।