জু-ৰোডৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত নগাঁৱৰ যুৱকক আটকঃ পুত্ৰৰ কু-কৰ্মত ভাগি পৰিছে আৰক্ষী পিতৃ

 05/18/2019 - 16:53

পুৰণিগুদামঃ গুৱাহাটীৰ জু-ৰোডত যোৱা ১৫ মেত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ সৈতে জড়িত নগাঁৱৰ এজন যুৱকক আটক কৰিছে নগাওঁ আৰক্ষীয়ে।যুৱকজনৰ নাম ইন্দ্ৰমোহন বৰা।

ইন্দ্ৰমোহন বৰাৰ পিতৃ এজন সীমান্ত আৰক্ষী বিষয়া। কৰ্মৰ বাবে প্ৰায়েই ঘৰৰ পৰা বাহিৰত থাকিব লাগে পিতৃ ৰেৱকান্ত বৰা।

পুত্ৰৰ আলফাৰ লগত জড়িত বুলি জানিব পাৰি শোকত ভাগি পৰিছে লোকজন। আনহাতে জু-ৰোডত বিস্ফোৰণ সংঘটিত হোৱাৰ নিশা ইন্দ্ৰমোহন বৰা ঘৰত নাছিল।

মাতৃক কৈ থৈ গৈছিল নগাঁৱৰ ৰাইডঙীয়াৰ এজন বন্ধুৰ সৈতে ছোৱালী চাবলৈ যোৱাৰ কথা।এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.