চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি ৩০ সহস্রাধিক টেট শিক্ষকৰ ধর্ণা-বিক্ষোভ

 03/08/2019 - 18:41

গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰে ঠিকাভিত্তিকভাৱে কৰ্মৰত প্রাথমিক টেট শিক্ষকসকলে। সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ আহ্বানত ঠিকাভিত্তিক শিক্ষকসকলে প্ৰতিটো জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত ধর্ণা-বিক্ষোভ প্রদর্শন কৰে। তদুপৰি উপায়ুক্তৰ জৰিয়তে দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটীত প্রতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজৰ কেন্দ্রীয় কমিটীৰ বিষয়ববীয়া আৰু সদস্যসকলে। কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা প্রতিবাদী শিক্ষকসকলে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়লৈ সমদল কৰে।

চৰকাৰবিৰােধী শ্লোগানেৰে প্রতিবাদী শিক্ষকসকলে সমগ্র অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তােলে। লগতে নির্বাচনৰ পুর্বে দিয়া প্রতিশ্রুতি ৰক্ষা কৰি চাকৰি নিয়মীয়াকৰণ নকৰিলে আন্দোলন অধিক তীব্রতৰ কৰি তুলিব বুলিও শিক্ষক সমাজে হুংকাৰ দিয়ে। ইপিনে, এই কাৰ্যসূচীৰ পাছত কোনােধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও প্রতিবাদী শিক্ষকসকলে ঘােষণা কৰে। প্রতিবাদত অংশগ্রহণ কৰি শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিজুল ৰছিদে কয় যে ৩০ হাজাৰ ঠিকাভিত্তিক শিক্ষকে চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে বিদ্যালয় এৰি ৰাজপথত নামিবলৈ বাধ্য হ’ব।

ইয়াৰ বাবে অসম চৰকাৰেই জগৰীয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয়— “ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে কেইবাবাৰাে শিক্ষামন্ত্রীক স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে। কিন্তু আজিপর্যন্ত প্রাথমিক শিক্ষা বিভাগৰ পৰা কোনােধৰণৰ সঁহাৰি আমি লাভ নকৰিলো। তদুপৰি ২০১৪ চনত বিধানসভা নির্বাচন ইস্তাহাৰত বিজেপিয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্রথম কেবিনেটতে নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছিল। সময় পাৰ হ’ল, প্রতিশ্রুতি বাস্তৱ নহ'ল। ' লক্ষণীয় যে চাকৰি নিয়মীয়াকৰণৰ উপৰি সপ্তম দৰমহা আয়ােগৰ বিধি অনুসৰি দৰমহা প্রদান, শিক্ষয়িত্ৰীসকলক শিশুৰ যত্নৰ বাবে ছুটী প্রদানকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।