বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অন্ধ্ৰৰ যুৱতীৰ চাইকেল যাত্ৰা

 05/18/2019 - 17:17

তামুলপুৰ: ভাৰতৰ ৰাজপথসমূহ মহিলাৰ বাবে সুৰক্ষিত, এই বাৰ্তা বিলোৱাৰ লক্ষ্যৰ লগতে গীনিজ বুকত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে দৈনিক ১০০ কি:মি: চাইকেলেৰে পৰিভ্ৰমণ কৰিছে এগৰাকী যুৱতীয়ে৷ অন্ধ্ৰ প্ৰদেশৰ পূৱ-গোদাবৰী জিলাৰ জ্যোতি ৰংগালা (৩৫) নামৰ এমবিএ ডিগ্ৰীধাৰী যুৱতীগৰাকী আজি তামুলপুৰত উপস্থিত হয়৷

ভাৰতবৰ্ষৰ ৩০ হেজাৰ পথ পৰিভ্ৰমণ কৰাৰ লক্ষ্যৰে ইতিমধ্যে ১৭ খন জিলাৰ ১৪ হেজাৰ কি:মি: পথ অতিক্ৰম কৰিছে যুৱতীগৰাকীয়ে৷ ২০১৭ চনত নিজৰ যাত্ৰা আৰম্ভ কৰা সাহসী যুৱতীগৰাকীয়ে যাত্ৰাকালত বিভিন্নজনৰ পৰা সহায়-সহযোগিতা পোৱাৰ লগতে বিভিন্নজনে তেওঁৰ যাত্ৰা বিপদ সংকুল বুলিও জনাইছিল৷

অতিথি দেৱ ভৱ আদৰ্শত বিশ্বাস ৰাখি হাতত এপইচাও নোলোৱাকৈ যাত্ৰাকালত বিভিন্নজনৰ আতিথ্যৰে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাত্ৰা অব্যাহত ৰাখিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ যাত্ৰাকালত বিটিচি অঞ্চলৰ কেইবাটাও জনজাতীয় পৰিয়ালৰ আতিথ্যই তেওঁক মুগ্ধ কৰা বুলিও জানিবলৈ দিয়ে৷

তামুলপুৰত আজি জ্যোতি ৰংগালাক তামুলপুৰৰ বিভিন্ন দল সংগঠনে ফুলাম গামেচাৰে আদৰণি জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।