কয়াকুছি: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ দক্ষিণ প্ৰান্তৰ কয়াকুছি অঞ্চলৰ ১,২,৩ নং কলনীৰ সৈতে মিলন বজাৰ সংযোগী বাঁহৰ সাঁকোৰ অচলাৱস্থাই কন্দুৱাইছে সৰ্বস্তৰৰ ৰাইজক। পাকাবেতবাৰী জিলা পৰিষদ আৰু পশ্চিম পাকাগাঁও পঞ্চায়তৰ এলেকাধীন কালদিয়া নদীৰ ওপৰত থকা কলনী বজাৰ আৰু মিলন বজাৰ সংযোগী উক্ত বাঁহৰ ভঙা-ছিঙা সাঁকোখনে দীৰ্ঘদিনে পথচাৰীক ভোগাইছে যমৰ-যাতনা। নদীৰ ওপৰত থকা উক্ত সাঁকোখনেৰে প্ৰায় ২০-৩০ খন গাঁৱৰ মানুহ দিনে ৰাতিয়ে অহা-যোৱা কৰে।
জৰুৰীকালীন সেৱাৰ বাবে ৰোগী বা অন্যান্য সামগ্ৰী সাঙী বান্ধি পাৰ কৰাৰ বাহিৰে উপায় নাই এতিয়া ৰাইজৰ। কেতিয়াবা ছাত্ৰ-ছাত্ৰী, মটৰ চাইকেল আৰু চাইকেল বা বোজা লৈ পথচাৰীয়ে নদীত পৰি যোৱাৰো বহুতো নজিৰ আছে। স্থানীয় মছজিদ কমিটীয়ে ডাকত দি টকালৈ ভাড়াত চলিবলৈ দিয়া ব্যক্তি বিশেষ আৰু মিলন বজাৰৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰা সাঁকোখনৰ ভাড়াৰ বাবে কেইবাটাও আইন বা নিয়ম বান্ধি দিয়া আছে। উক্ত সাঁকোখন কাঠেৰে বা আৰচিচি কৰি স্থায়ীকৈ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
আনহাতে সৰুক্ষেত্ৰীৰ বিধায়ক, পাকাবেতবাৰী জিলা পৰিষদৰ সদস্যা, গাঁও পঞ্চায়তৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা প্ৰশাসনে এই বিষয়টোৰ ওপৰত দৃষ্টি দিবলৈ আহ্বান জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে।