05/18/2019 - 19:29
in
কলগাছিয়াঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰী আৰক্ষী চকীৰ তিনিশ মিটাৰ নিলগত দিন দুপৰতেই চুৰিকাণ্ড।
এই চুৰিকাণ্ডটো সংঘটিত কৰে গুনিয়ালগুৰি গাঁৱৰ ছুৰমান আলিৰ পুত্ৰ ছুলতান আলিৰ লগতে পাট্টা আৰু বাছেৰ নামৰ দুজন চোৰে।
বালিকুৰি গাঁৱৰ জচিম উদ্দিন নামৰ এজন লোকৰ চাইকেল চকুৰ সন্মুখৰ পৰা চুৰি কৰি লৈ যায় পিছে পিছে গৰাকীয়ে খেদি যায় যদিও পলাবলৈ সক্ষম হয়।
পাট্টা আৰু বাছেৰ এতিয়া পলাতক অৱস্থাত আছে কিন্তু ৰাইজে আজি ছুলতান আলিক ধৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে।
ঘটনা সূত্ৰে জানিব দিয়া মতে ছুলতান আলিয়ে আগে পিছে চুৰি কাৰ্য কৰি জেইল হাজোতলৈও গৈছিল। কলগাছিয়াত এনে চুৰিকাণ্ড ঘটনা মাজে মাজে সংঘটিত হৈ থাকে কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয়।