05/18/2019 - 19:35
in
গোলকগঞ্জ: গোলকগঞ্জৰ বিছনদৈত অবৈধভাৱে গঢ়ি উঠা এটা কাঠফলা মিল জব্দ কৰাৰ লগতে শাল-গমাৰি কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী জিলাৰ বন বিভাগে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি অবৈধভাৱে এই মিলটো চলি আহিছিল।
আজি হঠাৎ ধুবুৰী বন বিভাগৰ ডিফু ৰেঞ্জাৰ হৰিশ নাথৰ নেতৃত্বত অভিযান চলাই বহু পৰিমাণৰ শাল-গমাৰি জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠখিনিৰ আনুমানিক মূল্য লক্ষ্যাধিক টকা হ'ব বুলি জানিব পৰা গৈছে।
জব্দ কৰা কাঠ আৰু কাঠফলা মিলটো ধুবুৰী বন বিভাগৰ কাৰ্যালয়লৈ লৈ যোৱা হয়।