05/18/2019 - 21:10
in
গুৱাহাটী: 'হেলথ ফৰ অল স্মাইল ফৰ অল' জিএনআৰচিৰ এক প্ৰশংসনীয় পদক্ষেপ। অসমৰ চিকিৎসা খণ্ডত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি অহা জিএনআৰচিয়ে 'হেলথ ফৰ অল স্মাইল ফৰ অল' এই শ্ল'গানেৰে অস্ত্রোপচাৰৰ ক্ষেত্রত অত্যাধুনিক কাৰিকৰী তথা পদ্ধতি প্ৰয়োগেৰে চিকিৎসা খণ্ডলৈ আনিবলৈ প্ৰয়াস কৰিছে এক পৰিৱৰ্তন।
সাধাৰণ অস্ত্রোপচাৰৰ ক্ষেত্রত সাম্প্ৰতিক নিত্য নতুন ধাৰাৰে আজি চিএমপি শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনাচক্ৰত ১০০ গৰাকী শৈল্য চিকিৎসকৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট চিকিৎসকসকলে অংশগ্ৰহণ কৰে।
এই উন্নতমানৰ চিকিৎসা পদ্ধতিৰদ্বাৰা অসুস্থ ৰোগীসকলে যাতে সকাহ পায় তাৰবাবে চিকিৎসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।